অধ্যায় ৫: বৃত্তি
1.কোনে
2.জাপাৰকুছিৰ জাপি
Chapter -5, Class -3, SEBA Assamese medium, New Book

ক্ৰিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা –
ক) ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে?
উত্তৰ: ঘৰবোৰ মিস্ত্ৰিয়ে সাজে বুলি কবিয়ে কৈছে।
খ) মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে আন কি কি সাজে?
উত্তৰ: মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে মেজ আৰু চকী সাজে।
গ) কবিৰ দেউতাকে চোলাবোৰ ক’ৰপৰা আনি দিয়ে?
উত্তৰ: কবিৰ দেউতাকে চোলাবোৰ বজাৰৰপৰা আনি দিয়ে।
ঘ) আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন?
উত্তৰ: আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে ইমানবোৰ ফুলক কোনে চোলা কিনি দিয়ে বুলি সুধিলেহেঁতেন।
ঙ) কবিয়ে আকাশ গঢ়োতা খনিকৰ বুলি কাক বুজাইছে?
উত্তৰ: কবিয়ে আকাশ গঢ়োতা খনিকৰ বুলি ভগৱানক বা সৃষ্টিকৰ্তাক বুজাইছে।
২। কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা ‘✓’ চিনটো পূৰোৱা –
* ক) ধুনীয়া আকাশখন কোনে সাজে? – ✓
* খ) চোলাবোৰ বজাৰৰপৰা কোনে আনি দিয়ে?
* গ) ধুনীয়া আকাশখনত কোনে তৰা আঁকি দিয়ে? – ✓
* ঘ) ফুলবোৰে ৰঙা-নীলা চোলাবোৰ ক’ত পায়? – ✓
* ঙ) আকাশ গঢ়োঁতা খনিকৰজন কোন? – ✓
* চ) ফুলবোৰক চোলা কোনে কিনি দিয়ে? – ✓
পৃষ্ঠা ৬৯
৪। কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখোঁ আহা-
* একবচন (এটা বুজোৱা) – চোলা, মেজ, চকী, তৰা, মোৰ, খনিকৰজন।
* বহুবচন (এটাতকৈ অধিক বুজোৱা) – ঘৰবোৰ, চোলাবোৰ, ফুলবোৰ।
৫। তলৰ বাক্যকেইশাৰীলৈ মন কৰোঁ আহা-
(এনেদৰে কি কি সাজে আৰু কি কি গড়ে লিখা)
* সাজে – মিস্ত্ৰিয়ে ঘৰ সাজে, বাইদেৱে পিঠা সাজে, ল’ৰাবোৰে মেজি সাজে, উৎসৱৰ তোৰণ সাজে, মাঘ বিহুত ভেলাঘৰ সাজে।
* গড়ে – খনিকৰে আকাশ গড়ে, সোণাৰীয়ে গহনা গড়ে, কঁহাৰে বাচন-বৰ্তন গড়ে, কুমাৰে মাটিৰ বাচন-বৰ্তন গড়ে, মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ গড়ে, দলং গড়ে, টোকোৰা চৰায়ে বাহ গড়ে।
পৃষ্ঠা ৭১
৭। “আকাশ গঢ়োঁতা খনিকৰজনক” …গঢ়োঁতা শব্দটো কেনেদৰে গঠিত হৈছে, চাওঁ আৰু তালিকাখন পূৰাওঁ আহা-
* গঢ়োঁতা – গঢ় + ওঁতা
* লিখোঁতা – লিখ + ওঁতা
* পঢ়োঁতা – পঢ় + ওঁতা
* কৰোঁতা – কৰ + ওঁতা
* খাওঁতা – খা + ওঁতা
* চাওঁতা – চা + ওঁতা
জ্ঞান-সম্প্ৰসাৰণ
৮। তলৰ পদ্যফাকিত আঁচ টনা শব্দসমূহ সলনি কৰি তোমাৰ নিজৰ শব্দৰে পূৰ কৰা-
(নমুনা উত্তৰ)
* মোৰ খেলনাবোৰ / দোকানৰ পৰা / আনি দিয়ে আইতাই, / চৰাইবোৰে বাৰু / পোৱালিবোৰক এই / আহাৰবোৰ ক’ত পায়?
পৃষ্ঠা ৭২
৯। তুমি যি কামৰ বাবে যাৰ ওচৰলৈ যোৱা তেওঁৰ ছবিৰ লগত বৃত্তি বুজোৱা শব্দটো মিলোৱা-
* জোতা চিলোৱাবলৈ – মুচী
* ৰোগৰ চিকিৎসা কৰাবলৈ – চিকিৎসক
* কাপোৰ চিলোৱাবলৈ – দৰ্জী (চিত্ৰৰ সৈতে মিলোৱা)
* মাটিৰ পাত্ৰ গঢ়াবলৈ – কুমাৰ
* বাঁহ-কাঠৰ সামগ্ৰী সজোৱাবলৈ – বাঢ়ৈ
পৃষ্ঠা ৭৩
১১। দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-
ক) পাহিৰ আইতাক কি কামত পাকৈত?
উত্তৰ: পাহিৰ আইতাক ঊণ গোঁঠাত পাকৈত।
খ) গাঁৱৰ ডালিমী খুৰীয়েকহঁত আইতাকৰ ওচৰলৈ কিয় আহে?
উত্তৰ: গাঁৱৰ ডালিমী খুৰীয়েকহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকল পাহিৰ আইতাকৰ ওচৰলৈ ঊণ-গোঁঠা শিকিবলৈ আহে।
গ) ঊণেৰে ছুৱেটাৰৰ বাহিৰে আৰু কি কি গুঁঠিব পাৰি?
উত্তৰ: ঊণেৰে ছুৱেটাৰৰ বাহিৰে মোজা, টুপি, মাফলাৰ, আৰু হাতমোজা গুঁঠিব পাৰি।
ঘ) পাহিয়ে কিয় মেচিন কিনিবলৈ কৈছে?
উত্তৰ: মেচিন কিনিলে কম সময়ৰ ভিতৰত বেছিকৈ ছুৱেটাৰ গুঁঠিব পাৰিব আৰু আয়ো বাঢ়িব, সেয়েহে পাহিয়ে মেচিন কিনিবলৈ কৈছে।
ঙ) উণৰ কাম নকৰি তেওঁলোকে আন কি কি কাম কৰিব পাৰিলেহেঁতেন?
উত্তৰ: উণৰ কাম নকৰি তেওঁলোকে তাঁত বোৱা, হাঁহ-কুকুৰা পালন কৰা, বা পিঠা-পনা বনাই বিক্ৰী কৰা আদি কাম কৰিব পাৰিলেহেঁতেন।
পৃষ্ঠা ৭৪
১২। …এতিয়া তলৰ বাক্যদুটাত যথাস্থানত যতি চিনবোৰ বহুৱাওঁ আহা-
* ক) আইতাকে গোঁঠা ছুৱেটাৰটো কিমান যে ধুনীয়া
উত্তৰ: আইতাকে গোঁঠা ছুৱেটাৰটো কিমান যে ধুনীয়া!
* খ) এদিন তাই ডালিমী খুৰীয়েকক সুধিলে তোমালোকে কিয় ঊণ-গোঁঠা শিকিছা বাৰু
উত্তৰ: এদিন তাই ডালিমী খুৰীয়েকক সুধিলে, “তোমালোকে কিয় ঊণ-গোঁঠা শিকিছা বাৰু?”
পৃষ্ঠা ৭৬
ক্ৰিয়া-কলাপ
পাঠভিত্তিক
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-
(ক) জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত?
উত্তৰ: জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত।
(খ) জাপাৰকুছি কিয় বিখ্যাত?
উত্তৰ: জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে অসম বিখ্যাত।
(গ) জাপাৰকুছিৰ লোকসকল কি কি কামত পাৰ্গত?
উত্তৰ: জাপাৰকুছিৰ লোকসকলে বাঁহ-বেতৰ বিভিন্ন ধৰণৰ সা-সঁজুলি, মাছ ধৰা সঁজুলি, বাদ্যযন্ত্ৰ আৰু বিশেষকৈ জাপি সজা কামত পাৰ্গত।
(ঘ) জাপি কিহেৰে সাজে?
উত্তৰ: জাপি বাঁহ-বেত আৰু টকৌ গছৰ পাতেৰে সাজে।
(ঙ) অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে?
উত্তৰ: অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰলৈ নি বিক্ৰী কৰে।
(চ) অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে?
উত্তৰ: অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আধুনিক যন্ত্ৰ-পাতি কিনিলে আৰু কেবাগৰাকী পাৰ্গত বাড়ৈক নিয়োগ কৰিলে।
২। তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।
* নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে-
(ক) মাখিবাহা
(খ) গন্ধিয়া
(গ) জাপাৰকুছি
(ঘ) জাগ্ৰা
উত্তৰ – (গ) জাপাৰকুছি
পৃষ্ঠা ৭৭
৪। তলৰ উদাহৰণটো চাই ‘মন্ত্ৰ’ শব্দটোৰ আগত বা পিছত স্বৰচিহ্ন, আখৰ, শব্দ আদি লগ লগাই নতুন শব্দ গঠন কৰি কোৱা আৰু লিখা-
* উত্তৰ: মন্ত্ৰী, মন্ত্ৰণা, মন্ত্ৰিত্ব, শুভমন্ত্ৰ, মন্ত্ৰমুগ্ধ।
জ্ঞান-সম্প্ৰসাৰণ
৫। দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ দিয়া-
(শুদ্ধ বাক্যটোৰ কাষত থকা চিন পূৰ কৰোঁ আহা)
* (ক) সকলো মানুহৰে বৃত্তি একে – (অশুদ্ধ)
* (খ) মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে। – (শুদ্ধ)
* (গ) পৰিয়ালক পোহ-পাল দিয়াও এটি বৃত্তি। – (অশুদ্ধ)
* (ঘ) মানুহে প্রযুক্তিক বৃত্তি হিচাপে লোৱা নাই – (অশুদ্ধ)
* (ঙ) বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে। – (শুদ্ধ)
পৃষ্ঠা ৭৮
৬। বাঁহেৰে সজা কেইবিধমান সঁজুলিৰ নামৰ তালিকা প্ৰস্তুত কৰা।
* খেতি-বাতিৰ সঁজুলি – মৈ, পাচি, খৰাহী, ডুলি।
* মাছ ধৰা সঁজুলি – পল’, জুলুকি, চেপা, খোকা, জাকৈ।
* বাদ্যযন্ত্ৰ – বাঁহী, গগনা, টকা, সুতুলি।
৭। ভাবোঁ আৰু লিখোঁ আহা-
(তলৰ সামগ্ৰীবোৰ কিহেৰে সজা হয় লিখা)
* (প্ৰথম ছবি: ঢাৰি) – উত্তৰ: বাঁহ বা পাটিদৈৰে সজা হয়।
* (দ্বিতীয় ছবি: খৰাহী) – উত্তৰ: বাঁহেৰে সজা হয়।
৮। ছবিখন চাই তলৰ দফাটো সম্পূৰ্ণ কৰোঁ আহা-
* উত্তৰ: শৰৎ এজন খেতিয়ক। তেওঁ পথাৰত হাল বাই আছে। তেওঁৰ লগত আন খেতিয়কসকলে পথাৰত ৰোৱনীয়ে কঠিয়া ৰুই আছে।
পৃষ্ঠা ৭৯
প্ৰকল্প
৯। ক) তোমাৰ প্ৰতিৱেশী (ওচৰ-চুবুৰীয়া) পৰিয়ালৰ জীৱিকা (বৃত্তি)ৰ এখন তালিকা প্ৰস্তুত কৰা।
(নমুনা উত্তৰ)
* পৰিয়ালৰ মূৰব্বীৰ নাম – জীৱিকা
* শ্ৰী ৰমেন দাস – শিক্ষক
* শ্ৰীমতী কবিতা বৰা – নাৰ্ছ
* শ্ৰী হৰেশ শইকীয়া – খেতিয়ক
* শ্ৰী বিপুল কলিতা – ব্যৱসায়ী
