অধ্যায় ৩: সুস্বাস্থ্যৰ বাবে খাদ্য,Class 6,

অধ্যায় ৩: সুস্বাস্থ্যৰ বাবে খাদ্য,Class 6, Science Chapter 3, SEBA New Book, Assamese Medium

Next Chapter 

অনুশীলনী
১. তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দর্শোৱা
প্রশ্ন (a): জোৱাৰ, বজ্ৰা, কণীধান আৰু বুট
উত্তৰ: অমিল বস্তুটো হ’ল – বুট।
কাৰণ – জোৱাৰ, বজ্ৰা আৰু কণীধান হ’ল মিলেট (নিউট্রিশস্য), আনহাতে বুট হ’ল এবিধ মাহ জাতীয় শস্য (যি প্ৰ’টিনৰ উৎস)।
প্রশ্ন (b): ৰাজমাহ, বুট, ছয়াবিন আৰু চাউল
উত্তৰ: অমিল বস্তুটো হ’ল – চাউল।
কাৰণ – ৰাজমাহ, বুট আৰু ছয়াবিন হ’ল মাহ জাতীয় শস্য (প্ৰ’টিনৰ উৎস), আনহাতে চাউল হ’ল ধান জাতীয় শস্য (কাৰ্ব’হাইড্ৰেটৰ উৎস)।
২. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্রণালীৰ তুলনা কৰা।
উত্তৰ: পুৰণি ৰন্ধন প্ৰণালীত খাদ্য ৰান্ধিবলৈ সাধাৰণতে মাটিৰ চৌকা আৰু মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল। খাদ্যবস্তু বটিবলৈ শিল-পটা আৰু খুন্দিবলৈ উৰাল বা ঢেঁকী ব্যৱহাৰ কৰা হৈছিল।
ইয়াৰ বিপৰীতে, আধুনিক ৰন্ধন প্ৰণালীত গেছষ্টোভ, অ’ভেন, এয়াৰ ফ্ৰাইয়াৰ, প্ৰেচাৰ কুকাৰ আদি ব্যৱহাৰ কৰা হয় আৰু খাদ্য বটা বা খুন্দাৰ বাবে বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা হয়।
৩. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদ যুক্ত নহয়। আলোচনা কৰা।
উত্তৰ: এই কথাষাৰ সঁচা। উদাহৰণস্বৰূপে, আলুৰ চিপচ্ বা চেনিযুক্ত পানীয়বোৰ (যিবোৰক ‘জাংক ফুড’ বোলা হয়) খাবলৈ সোৱাদযুক্ত হ’লেও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এইবোৰত অস্বাস্থ্যকৰ স্নেহপদাৰ্থ আৰু শৰ্কৰা বেছি থাকে, কিন্তু ভিটামিন, খনিজ লৱণ আৰু আঁহযুক্ত খাদ্য কম থাকে।
আনহাতে, মিলেট বা বহুতো সেউজীয়া শাক-পাচলিৰ দৰে পুষ্টিকৰ খাদ্য কিছুমান লোকৰ বাবে সিমান সোৱাদযুক্ত নহ’ব পাৰে, কিন্তু সেইবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়ে স্বাস্থ্যবান শৰীৰৰ বাবে সোৱাদতকৈ পুষ্টিকৰ খাদ্য বাছনি কৰাটোহে গুৰুত্বপূৰ্ণ।
৪. তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাবলৈ ইচ্ছা কৰিবা?
(a) বটলত থকা ফলৰ ৰস
(b) সতেজ ফলৰ ৰস
(c) সতেজ ফল
উত্তৰ: মই (c) সতেজ ফল খাবলৈ ইচ্ছা কৰিম।
কাৰণ: সতেজ ফলত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ লৱণৰ উপৰিও আঁহযুক্ত খাদ্য (ৰুক্ষাহাৰ) পোৱা যায়। এই আঁহযুক্ত খাদ্যই আমাৰ শৰীৰৰ পৰা হজম নোহোৱা খাদ্য ওলাই যোৱাত সহায় কৰে। বটলত থকা ফলৰ ৰসত শৰ্কৰা বেছি থাকিব পাৰে আৰু সতেজ ফলৰ ৰস উলিয়ালে তাৰ উপকাৰী আঁহখিনি বাদ পৰে।
৫. চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়’ডিন মিলালে নীলা-ক’লা বৰণৰ নহয়। ইয়াৰ সমর্থনত কাৰণ দর্শোৱা।
উত্তৰ: আমাৰ আহাৰত থকা মুখ্য কাৰ্ব’হাইড্ৰেটবোৰ হ’ল শ্বেতসাৰ (ষ্টাৰ্চ) আৰু শৰ্কৰা (চেনি)। আয়’ডিন দ্ৰৱ ব্যৱহাৰ কৰি কৰা পৰীক্ষাটো কেৱল শ্বেতসাৰৰ উপস্থিতি ধৰা পেলাবলৈহে কৰা হয়। যিহেতু চেনি এবিধ শৰ্কৰাহে, ইয়াত শ্বেতসাৰ নাথাকে, সেয়েহে চেনিত আয়’ডিন মিলালে ই নীলা-ক’লা বৰণলৈ পৰিৱৰ্তন নহয়।
৬. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাবে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা।
উত্তৰ: মিলেটবোৰক ‘নিউট্ৰি-খাদ্যশস্য’ বা ‘চুপাৰফুড’ বুলি কোৱা হয়, কাৰণ ইয়াত প্ৰ’টিন, খাদ্য-আঁহ, কেলচিয়াম, লো আদি বহুতো গুৰুত্বপূৰ্ণ পৰিপোষক পোৱা যায়।
কিন্তু, কেৱল মিলেট খালেই আমাৰ শৰীৰৰ সকলো লাগতিয়াল পুষ্টি পূৰণ নহয়। এটা সুষম আহাৰত কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহপদাৰ্থ, ভিটামিন, খনিজ লৱণৰ লগতে আঁহযুক্ত খাদ্য আৰু পানী সঠিক পৰিমাণত থাকিব লাগে। সেয়েহে, মিলেটৰ লগতে আন ধৰণৰ খাদ্য যেনে মাহ জাতীয় শস্য, শাক-পাচলি, ফল-মূল আদিও খোৱা উচিত, তেতিয়াহে শৰীৰটোৱে সকলো পৰিপোষক লাভ কৰিব।
৭. শুদ্ধ উত্তৰৰ গোলটো সম্পূণকৈ পূৰ কৰা –
প্রশ্ন (i): তলত দিয়া কোনটো ভিটামিন D ৰ অভাৱত হয়?
* (a) দৃষ্টিশক্তি কমি যোৱা
* (b) বেৰি বেৰি
* (c) স্কার্ভি
* (d) ৰিকেট
   উত্তৰ: (d) ৰিকেট
প্রশ্ন (ii): তলত দিয়া কোনটো ৰোগ ভিটামিন C ৰ অভাৱত হয়?
* (a) দৃষ্টিশক্তি কমি যোৱা
* (b) স্কার্ভি
* (c) ৰিকেট
* (d) ৰক্তহীনতা
   উত্তৰ: (b) স্কার্ভি
প্রশ্ন (iii): তলত দিয়া কোনটো ভিটামিন A ৰ অভাৱত হয়?
* (a) দৃষ্টিশক্তি কমি যোৱা
* (b) হাড় আৰু দাঁত ক্ষয় যোৱা
* (c) বেৰি বেৰি
* (d) স্কার্ভি
   উত্তৰ: (a) দৃষ্টিশক্তি কমি যোৱা
প্রশ্ন (iv): তলত দিয়া কোনটো ৰোগ লোৰ (আইৰন) অভাৱত হয়?
* (a) ৰক্তহীনতা
* (b) দৃষ্টিশক্তি কমি যোৱা
* (c) বেৰি বেৰি
* (d) স্কার্ভি
   উত্তৰ: (a) ৰক্তহীনতা
৮. তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।
প্রশ্ন (a): স্নেহপদার্থ
উত্তৰ: ঘিউ, বাদাম
প্রশ্ন (b): শ্বেতসাৰ
উত্তৰ: চাউল, আলু
প্রশ্ন (c): আঁহজাতীয় খাদ্য
উত্তৰ: গোটা শস্য, সতেজ ফল-মূল
প্রশ্ন (d): প্র’টিন
উত্তৰ: মাহ জাতীয় শস্য (যেনে- বুট), কণী

 

Leave a Comment

Your email address will not be published. Required fields are marked *